Dihing Patkai Rainforest
Dihing Patkai

Save Dehing Patkai. অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং পাটকাই সংকটত।

চৰকাৰে অনুমতি দিছে কয়লা খননৰ।

দেশত লকডাওণ চলিত থাকোতেই National Board of Wildlife (NBWL) য়ে এপ্ৰিলত চালেকী অভয়াৰণ্যত খনন কাৰ্য্যৰ মঞ্জুৰী দিয়ে যত এই খননস্হলৰ এক অংশ পৰে অসমৰ দিহিং পাটকাই যাক পূৰ্বৰ এমাজন বুলি কোৱা হয়।

১১১.১৯ বৰ্গকিলোমিটাৰ ঠাই দিহিং পাটকাই বৰ্ষাৰণ্যৰ ভিতৰত পৰে যত কেন্দ্ৰীয় চৰকাৰে খনন কাৰ্য্যৰ অনুমতি দিছে।

চৰকাৰৰ এই পদক্ষেপক পৰ্যাবৰণবিদ সকলে তীব্ৰ প্ৰতিবাদ জনাই আছে আৰু এই প্ৰতিবাদ দিনে দিনে বৃদ্ধি হৈ আছে। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে অসমৰ একমাত্ৰ বৰ্ষাৰণ্য খন বচাবলৈ এটা অনলাইন পেটিশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অসমৰ মকাক বিশ্বৰ অতি পুৰণি বান্দৰৰ জাতি ২০০৮ ত IUCN ৰ দ্বাৰা লুপ্তপ্ৰায় অৱস্থাত আছে বুলি ঘোষণা কৰা হৈছিল।

কিছুমান NGO আৰু পৰ্যাবৰন কাৰ্যকৰ্তাইও পেটিশ্যন সংগ্ৰহ কৰা আৰম্ভ কৰিছে।

কিছুমান বিৱৰণত পোৱা যায় যে দিহিং পাটকাই বৰ্ষাৰণ্যত আগৰে পৰা উচ্চ প্ৰদূসণকাৰী উদ্যোগে বাতাবৰণৰ অনিষ্ট সাধন কৰিছে।

যদিও NBWL য়ে ৭ এপ্ৰিল,২০২০ ত কয়লা খননৰ অনুমতি দিছে, কিন্তু, অঞ্চলত দীৰ্ঘ দিনৰে পৰাই কয়লা মাফিয়াৰ দ্বাৰা খনন কাৰ্য চলিয়েই আছিল, আৰু এই কাৰ্য্যই দিহিং পাটকাইৰ জৈব-বৈচিত্ৰৰ (biodiversity) দীৰ্ঘ কাললৈকে প্ৰভাৱ পেলাব

দিহিং পাটকাই ভাৰতৰ সকলোতকৈ ডাঙৰ নিম্ন শ্ৰেণীৰ বৰ্ষাৰণ্য হয় যিটো ৫৭৫ বৰ্গকিলোমিটাৰ অঞ্চললৈ অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত বিস্তৃত হৈ আছে। এই বনভূমিক পূহৰ এমাজন বুলি কোৱা হয়।

Save Dehing Patkai

কিয় বিখ্যাত দিহিং – পাটকাই ? 

১) অসমৰ অন্যতম বৰ্ষাৰণ্য ৷ অসমৰ আটাইতকৈ বেছি উদ্ভিদ বৈচিত্ৰ্য দেখা পোৱা অৰণ্য ৷

২) ৭ টা বনৰীয়া মেকুৰীৰ প্ৰজাতিৰ বৈচিত্ৰ্য দেখাপোৱা পৃথিৱীৰ একমাত্ৰ অঞ্চল ৷

৩) IUCN ৰ Red List ত থকা Malayan Sun Bear – ৰ এই অঞ্চলত ফট’ সংগ্ৰহ কৰা হৈছিল ৷

৪) অঞ্চলতটোত ৪০ প্ৰজাতিৰ স্তন্যপায়ী , ২৮৮ প্ৰজাতিৰ পক্ষী , ২৯২ প্ৰজাতিৰ পখিলা , ৭১ প্ৰজাতিৰ সৰীসৃপ আৰু উভয়চৰ , ১০২ প্ৰজাতিৰ অৰ্কিড , ৭০ প্ৰজাতিৰ মাছ দেখা পোৱা যায় ৷

৫)  Vrydagzynea nuda – নামৰ অৰ্কিড বিধ ভাৰতৰ ভিতৰত  প্ৰথমবাৰৰ বাবে এই অঞ্চলটোত দেখা গৈছিল ৷

৬) হাতী আৰু হলৌ বান্দৰ অন্যতম বিচৰণস্থলী ৷

৭) ৫ প্ৰজাতিৰ ধনেশ চৰাই পোৱা যায় ৷

৮) ইয়াত ৭ প্ৰজাতিৰ বান্দৰ আছে ৷ ইয়াৰে ৫ টা প্ৰজাতি লুপ্তপ্ৰায় প্ৰজাতিৰ অন্তৰ্ভূক্ত ৷

৯) অসমৰ জাতীয় চৰাই দেওহাঁহ ৰ অন্যতম আৱাসস্থলী ৷ এতিয়া সংখ্যা দিনে দিনে কমি আহিছে ৷

আপুনিও #saveDehingPatkai টেগৰ ব্যৱহাৰ কৰি অনলাইন মাধ্যমত এই আন্দোলনত যোগদান কৰিব পাৰে।

Check Facebook