খেতি কৰিব নে ?

খেতি কৰিব নে ?
খেতি কৰিব নে ?

আলোচনাটো আৰম্ভ হোৱা দিন হৈছিলেই কিন্তু ল’কডাউন সৃষ্ট পৃষ্ঠভূমিত ঘনাই আলোচনা হ’ব ধৰিলে – অমুকটো খেতি কৰা যাওক ৷ ইমান লাভ ৷

তমুকটো খেতি কৰা যাওক – সিমানকৈহে পাব ৷ এইটো পুলি ইমান সংখ্যক লগাই থওক ৷ দুবছৰৰ পাছত ইমান টকা পাব ৷

এই ধৰণৰ আলোচনাবোৰত চাবলৈ গ’লে ত্ৰুটি একো নাই ৷ উদ্দীপনা ভৰা কথা ৷ ৰাজ্যত

কৰ্মসংস্থাপন বিচাৰি ফুৰাসকলে ঘৰতে কিবা এটা উলিয়াব পাৰিব ৷ বজাৰ দখল কৰিব পাৰিব আৰু থলুৱা অৰ্থনীতি এটা গঢ় লৈ উঠিব ৷

এতিয়া আপুনি বিনাদ্বিধাই খেতিবাতিত নামি যাওক ৷ উৎপাদনো হ’ল ৷ বজাৰো পালে ৷ দামো পালে ৷ কিন্তু ৰ’ব ? কেৱল আপুনিয়েইতো খেতি কৰিবলৈ আৰম্ভ কৰা নাই ৷

আন বহুতেই কৰিছে বা আগ্ৰহী হৈছে কৰিবলৈ বা বহুতেই বিশালভাৱে বাণিজ্যিক খেতিৰ বাবে পৰিকল্পনা যুগুতাই বাস্তৱায়িত কৰাৰ পথত ৷

অৰ্থাৎ উৎপাদন উভৈনদী হ’ব আৰু মূৰকতগৈ পানীৰ দামত উৎপাদিত ফচল বিক্ৰী কৰি মূৰে কপালে হাত দিব লাগিব ৷ যিটো হৈছিল বা হৈ আছে ক্ষুদ্ৰ চাহ খেতিৰ বেলিকা ৷

শাক-পাছলিৰ বেলিকা প্ৰত্যাহ্বান অধিক ৷ ভড়ালত থ’ব নোৱাৰাৰ বাবে সোনকালে বিক্ৰী কৰিব লাগিব , বজাৰ ধৰিবলৈ মধ্যভোগীৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব ৷

শেহতীয়াকৈ আৰু এটা কথা হৈছে ৷

বহুলোকে ঘৰৰ এডৰা -দুডৰা মাটি বা চোতাল-বাৰন্দা -চাদতেই নতুন নতুন কাৰিকৰী সমৃদ্ধ জ্ঞানেৰে নিজৰ প্ৰয়োজনীয় খেতিখিনি কৰিবলৈ আৰম্ভ কৰিছে ৷

এতিয়ালৈকে তেনে চাম মানুহৰ সংখ্যা অতি কম আছিল যদিও ল’কডাউনে শিকাই যোৱা অভিজ্ঞতাৰ আধাৰত তেনে খেতিয়কৰ সংখ্যাও বৃদ্ধি পাব ৷

খেতি কৰিব নে ?
খেতি কৰিব নে ?

এতেকে চাহিদাৰ হাৰ এটা অংশ হ’লেও কমিব ৷ তাৰ বিপৰীতে আমি ইউটপীয়ান ধ্যান ধাৰণাত মগ্ন হৈ খেতিত হাত উজান দি নামি পৰিম নে ?

কথাবোৰ মুকলিকৈ আলোচনা হোৱাটো ভাল ৷ অসমৰ কোনো অঞ্চলত হোৱা এবিধ খেতি আন এঠাইত নহ’বও পাৰে ৷

তিনিচুকীয়াৰ টেঙা গৱেষণা কেন্দ্ৰৰ বিষয়াই আমাক জনোৱামতে উজনি অসমত যিকোনো টেঙা খেতিৰ বাবে সৰ্বোত্তম মাটিখিনি তিনিচুকীয়া জিলা আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহ ৷

যেতিয়া এই অঞ্চলৰ পৰা আঁতৰি গৈ থকা হ’ব , সেই সেই অঞ্চল সমূহত টেঙাখেতিৰ প্ৰত্যাহ্বান বেছি হৈ গৈ থাকিব ৷ এই দিশটোৱো যিসকল খেতিত আগ্ৰহী তেওঁলোকে চোৱাটো ভাল ৷

খেতিয়কৰ ভৱিষ্যত অন্ধকাৰ নেকি?

উধাই মূধাই খেতি কৰি গ’লেই নহ’ব কোন ঠাইত কি খেতি আটাইতকৈ ভাল হয় তেনেকৈ আমি অঞ্চল সমূহ চিনাক্ত কৰি স্থানীয়ভাৱে একত্ৰ হৈ আগবাঢ়িব লাগিব ৷

এনেকৈ সমন্বয়ৰ ভিত্তিত কাম কৰিলে বিশেষ একোটা খেতিৰ বাবে আমি অঞ্চল সমূহৰ নিৰ্দিষ্ট এটা চিনাকি যুগুত কৰি লোৱাৰ উপৰিও প্ৰতিটো অঞ্চলকে কৃষি কাৰ্যত সমান্তৰালভাৱে আগবঢ়াই দিব পাৰিম ৷ সৰ্বোপৰি অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰতিটো এলেকাই লাভান্বিত হ’ব পাৰিব ৷

দ্বিতীয়টো গুৰুত্বপূৰ্ণ কথা হ’ল বজাৰৰ চাহিদা কি ? সেই সম্পৰ্কেও আমাৰ ধাৰণা সুস্পষ্ট হ’ব লাগিব ৷ কেৱল ধাৰণাই নহয় ৷ জৰীপ লাগিব ৷ আৰু জৰীপ মানে জৰীপ ৷ আন্দাজ নহয় ৷ খেতি কৰিবলৈ যাওঁতে কেইটামান কথাত স্পষ্ট হ’বলগীয়া আৰু কেইটামান কথা আছে ৷

আজিকালি খুউৱ জৈৱিক খেতিৰ কথাটো ওলাই আছে ৷ কৰিব পাৰিলে খুবেই ভাল ৷

কিন্তু যেতিয়া বাণিজ্যিক উৎপাদনৰ কথা আহিব যেতিয়া খেতিত পোক পতংগৰ আক্ৰমণ হ’ব তেতিয়া জৈৱিক পন্থাবোৰ কাৰ্যকৰী হ’ব নে ?

মই ব্যক্তিগ’ত অভিজ্ঞতাৰ পৰা ক’ব পাৰো,

জৈৱিক ঔষধ পৰীক্ষা নিৰীক্ষা কৰি থকাৰ প্ৰসংগটো একপ্ৰকাৰ সময়ৰ অপচয় আৰু কোনবিধ পোক পতংগক নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ জৈৱিক দ্ৰব্য দৰকাৰ হ’ব সেই সম্পৰ্কে আমি থাউকতে ক’তো তথ্য পাব পৰাৰ সুবিধাও নাই ৷

আৰু এটা কথা উচিৎ পৰিমাণৰ ৰাসায়নিক সাৰ আৰু কীটনাশক বিধি অনুসাৰে প্ৰয়োগ কৰিলে তাৰ পৰা আমাৰ লোকচান হোৱাৰ আশংকা নাই ৷

সহজভাৱে ক’বলৈ হ’লে চল্লিছ পঞ্চাশবছৰৰ পূৰ্বে মানুহে ৰাসায়নিক সাৰ কীটনাশক প্ৰয়োগ নকৰা শাক-পাছলিয়েই খাইছিল ৷ কিন্ত মানুহৰ গড় আয়ুস কম আছিল ৷ এতিয়া ৰাসায়নিক সাৰ কীটনাশক প্ৰয়োগ কৰা শাক পাছলি খায়ো মানুহৰ গড় আয়ুস বাঢ়িছে ৷

এতেকে বাস্তৱিক যিসমূহ আধাৰ আমি তালৈকৈয়ো চকু দিব লাগে ৷ শেষত আৰু এটা কথা যোগ কৰো ৷

শেহতীয়াকৈ অসমত বিদেশী ফল-মূলৰ খেতি কৰাৰ ধূম উঠিছে ৷ অসমতো সেয়া কৰিব লাগে- এনেধৰণৰ চৰ্চাত বাংলাদেশৰ উদাহৰণো ল’বলৈ আহ্বান জনোৱা হয় ৷

ভাল পৰামৰ্শ ৷

খেতি কৰিব নে ?
খেতি কৰিব নে ?

সমস্যাটো হ’ল ’ট্ৰপিকেল এৰিয়া’ বুলি এটা কথা আছে ৷ দ্ৰাঘিমাৰেখা অক্ষৰেখাৰ বিষয়ে যিবিলাকে অলপ হ’লেও অধ্যয়ন কৰিছে তেওঁলোকে গম পাব পৃথিৱীৰ বিভিন্ন অঞ্চলত কিয় বেলেগ বেলেগ উদ্ভিদ বা ফলমূল পোৱা যায় ৷

আমি থলুৱাভাৱে সহজলভ্য ফলমূলখিনিক লৈয়ে কিবা কৰিব পাৰো নেকি চাব লাগে ৷

দক্ষিণ আফ্ৰিকাত কৰ্মৰ’ত বিজ্ঞানী ড°মুকুট গোহাঁয়ে মোক এবাৰ খবৰ দিছিল তাত কাজু বাদামৰ দাম কেজিত আঠশ টকা কিন্তু কঠাল গুটিৰ দাম তেৰশ টকা ৷ এইটো এটা সামান্য উদাহৰণ ৷

দৰংগিৰিৰ কলৰ বজাৰ এছিয়াৰ ভিতৰতে হেনো

ডাঙৰ ৷ কিন্তু আমি finished product ত গুৰুত্ব নিদিওঁ বাবে কলৰ ঠোকসমূহেই বিক্ৰী কৰি বৃহৎ বজাৰখন আমাৰ ৰাজ্যত আছে বুলি সন্তুষ্টি লওঁ ৷

কিন্তু কলৰ পৰা ৱাইন, ঔষধত ব্যৱহৃত মৌল, কলৰ চিপছ্‌ আদিৰে যে নতুন উৎপাদনক্ষেত্ৰ গঢ়িব পাৰো তাত গুৰুত্ব নিদিওঁ ৷

এই আলোচনাটোত নেতিবাচক কথাই ক’লো ৷বহুতক হতাশগ্ৰস্তও কৰিব ৷

কিন্তু যি হাৰত অপৰিকল্পিতভাৱে খেতিবাতিয়ে ধন দিব আমাক বুলি আলোচনা হ’বলৈ ধৰিছে তাৰ পৰা মুক্ত হৈ জুকিয়াই মেলি আগবাঢ়িলহে আমাৰ কৃষক , সম্ভাব্য কৃষকসকল উপকৃত হ’ব বুলিয়েই এই কথাখিনি নিতান্তই অনিচ্ছাস্বত্বেও আগবঢ়ালো ৷

Meet the author, Bulon Kr Saikia of this post by clicking the above button.