How to make a website

How to make a Website, ৱেবছাইট এটা কেনেকৈ বনাব:

ৱেবছাইট এটা কেনেকৈ বনাব: How to create a website:

এটা ৱেবছাইট বনাবলৈ-

Make website

নিজৰ ৱেবছাইট এটা বনোৱা আপুনি যিমান জটিল বুলি ভাবে আচলতে তাতকৈ বহু গুণে সহজ। আজিকালি বহুতেই নিজৰ ৱেবছাইট এটা থকাটো সমৰ্থন কৰে। আপুনি কেৱল Instagram আৰু Facebook page ৰ ওপৰত নিৰ্ভৰ কৰিলে নহ’ব। 

আজিকালি প্ৰায় সকলো গ্ৰাহকেই আপোনাৰ ব্যৱসায়/সেৱা অনলাইন মাধ্যমত পাবলৈ আশা কৰে।

আপুনি অনলাইন যোগে products/services বিক্ৰী কৰি অথবা আপোনাৰ ব্যৱসায়ৰ

যোগাযোগৰ তথ্য প্ৰদান কৰি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ এটা ৱেবছাইট থকাটো অপৰিহাৰ্য। 

আপুনি এটা ৱেবছাইট বনোৱা আৰম্ভণি কৰা আগতে ইয়াৰ দ্বাৰা কি অৰ্জন কৰিবলৈ বিচাৰে সেইটো চিন্তা কৰি ল’লে ৱেবছাইট বনোৱাটো আৰু সহজ হৈ পৰে। আপোনাৰ প্ৰতিযোগী সকলৰ ৱেবছাইট এটা প্ৰথমে গৱেষণা/অধ্যয়ন কৰি ললে আপুনি বহুতো ধাৰণা আৰু সহায় পাব।

 

Online Business

এটা ৱেবছাইট বনাবলৈ আপুনি ৪ টা প্ৰাথমিক পদক্ষেপ অনুসৰণ কৰিব লাগিব- 4 Steps to make a website wsily

আপোনাৰ ডমেইন (Domain) নাম নিৰ্বাচন কৰক-

আপোনাৰ ডমেইন (eg. www.yoursite.com) নামটোৱে আপোনাৰ ব্যৱসায় আৰু আপোনাৰ পৰিসেৱা সমূহ প্ৰতিফলন কৰা উচিত, যাতে আপোনাৰ গ্ৰাহক সকলে সহজেই Google বা অন্য Search Engine ত সহজেই আপোনাক বিচাৰিবলৈ সক্ষম হয়। আপোনাৰ গ্ৰাহকেও আপোনাৰ ৱেবছাইটটো আপোনাৰ ব্যৱসায়ৰ লগত সামঞ্জস্য থকাটো আশা কৰে।

আপোনাৰ ডমেইন নামটো    e-mail address হিচাপে ব্যৱহাৰ কৰিব পাৰে। Gmail ৰ নিচিনা eMail ত কৈ নিজৰ ৱেবছাইট ৰ eMail address ৰ পৰা গ্ৰাহকক মেইল কৰিলে অধিক প্ৰফেচনেল যেন দেখায়।

 

Search & Buy Domains

২. এটা ৱেব হ'ষ্টিং প্লেন (Hosting Plan) বিচাৰক।

ডমেইন নাম লোৱাৰ পাছত আপুনি এটা ৱেব হ’ষ্টিং সংস্হাৰ লগত আপোনাৰ ৱেবছাইট হ’ষ্ট কৰিব লাগিব। বেছিভাগ লোকে ৱেব হ’ষ্টিং সেৱা ৱৰ্ডপ্ৰেছ সংস্হাটোৰ পৰা লোৱা পৰিলক্ষিত হয়।

ৱেব হ’ষ্টিং কৰিবলৈ ঐটা‌ নূন্যতম মাহেকীয়া ফিস্ আপোনাৰ ৱেবছাইটৰ ডিজাইন ফিচাৰ্চ‌ আৰু কিমান ভিজিট পায় তাৰ ওপৰত নিৰ্ভৰ কৰে।

Cheap Hosting Plans

৩. আপোনাৰ ৱেবছাইটৰ বিষয়বস্তু(Content) প্ৰস্তুত কৰক

আপোনাৰ গ্ৰাহক সকলে আপোনাৰ ৱেবছাইটৰ মাধ্যমত কি কৰিবলৈ সক্ষম হ’ব ‌সেই সম্পৰ্কে ভাবি ৱেবছাইটৰ পেজ আৰু তাৰ বিষয়বস্তু প্ৰস্তুত কৰক। আপোনাৰ গ্ৰাহকে কি তথ্য আৰু লেনদেন বিচাৰে তাৰ বিবেচনা কৰি আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী সমূহ বিচাৰিবলৈ এটা চাৰ্চ বোতাম সংলগ্ন কৰক। 

আপোনাৰ ৱেবছাইট ৰ মেপ ডিজাইন কৰিবলৈ আপুনি এজন প্ৰফেচনেলক নিয়োগ কৰিব পাৰে আৰু ঠিট তেনেকৈ বিষয়বস্তু প্ৰস্তুত কৰিবলৈ এজন প্ৰফেচনেলক  নিয়োগ কৰিব পাৰে। 

গ্ৰাহকৰ সহজ হৈ পৰাকৈ এটা ছাইট ডিজাইন কৰি আৰু আপোনাৰ ৱেবছাইটত products/service ৰ ফটো/চিত্ৰ অন্তৰ্গত কৰি  আপোনাৰ ব্যৱসায় গ্ৰাহকক বুজি পোৱাত অধিক সহায় হয় আৰু ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায় আৰু প্ৰবল হৈ পৰে।

৪. আপোনাৰ ৱেবছাইট প্ৰস্তত কৰক-

আপুনি যদি নিজে ৱেবছাইট ডিজাইন কৰিব নাজানে আপুনি এজন‌ প্ৰফেচনেল ৱেব ডেভেলপাৰৰ পৰা সহায় লৈ ৱেবছাইট ডিজাইন কৰিব পাৰে। ৱেবছাইট এটা আপডেটেড ৰখাটো অতিকৈ প্ৰয়োজনীয় আৰু তাৰ চিকিউৰিটি পৰিকল্পনা নিশ্চিত কৰক।

আপুনি নিজৰ ৱেবছাইট তৈয়াৰ কৰিবলৈ ৱেবছাইট পাব্লিশিং পেকেজ বাচিব পাৰে। ৱৰ্ডপ্ৰেছৰ মাধ্যমত ইনবিল্ট ক’ডিং থকাৰ বাবে ভিজুৱেলি  এই কাম সমূহ কৰিবলৈ সহজ হৈ পৰিছে আজিৰ দিনত। 

.

আপুনি যদি অনলাইন মাধ্যমত নতুন হয়, তেন্তে এজন প্ৰফেচনেলৰ দ্বাৰা ডিজাইন কৰা ভাল ধাৰণা। এজন‌ প্ৰফেচনেল ৱেব ডেভেলপাৰে দ্ৰুত গতিত আৰু সফলতাৰে আপোনাৰ ৱেবছাইট ডিজাইন কৰিব পাৰে ত্ৰুটি নোহোৱাকৈ। 

 

ৱেবছাইট তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় টিপ্স সমূহ -

  • আপোনাৰ গ্ৰাহকে কি জানিব বা পাব বিচাৰে তাত বেছি গুৰুত্ব দিয়ক, আপুনি কি কব বিচাৰে তাত নহয়।
  • প্ৰফেচনেলৰ সহায় লওক, আনপ্ৰফেচনেল ৱেবছাইট এটাই আপোনাৰ গ্ৰাহকক আপোনাৰ পৰা আতৰাই দিব পাৰে।
  • . নিয়মীয়াকৈ আপোনাৰ ৱেবছাইট আপডেট কৰক, বিশেষকৈ আপোনাৰ ব্যৱসায়ৰ দামৰ তথ্য সমূহ।
  • আপোনাৰ যোগাযোগৰ তথ্য সঠিককৈ উপস্থাপন কৰিব আৰু গ্ৰাহকে সহজেই বিচাৰি পোৱাকৈ ৰাখিব।
  • আপোনাৰ সামগ্ৰী আৰু ‌সেৱা সমূহত আপোনাৰ ৱেবছাইট প্ৰচাৰ কৰক আৰু বিজনেছ কাৰ্ড প্ৰস্তুত কৰক।
  • Google ত আপোনাৰ ৱেবছাইট কেনেকৈ গ্ৰাহকে বিচাৰি পাব আৰু কেনেদৰে ইয়াক অপ্টিমাইজ কৰিব তাৰ ব্যৱস্থা গ্ৰহণ কৰক। এজন‌‌ ডেভেলপাৰে আপোনাক SEO কৰাত সহায় কৰিব পাৰে। 
Free E-Book

Join the discussion...

Your email address will not be published. Required fields are marked *