Posted on Leave a comment

বাংলাদেশৰ মেডিকেল টীম এটাৰ COVID-19 ৰ ঔষধ বিচাৰি পোৱাৰ দাবী। Bangladesh Corona Medicine

Coronavirus vaccine: Bangladesh Corona Medicine

Bangladesh Corona Medicine:

Bangladesh Corona Medicine: Senior Doctor claims has found cure for Covid-19.

বাংলাদেশৰ এজন বিশিষ্ট চিকিৎসকৰ নেতৃত্বত এটা মেডিকেল টীমে দাবী কৰিছে যে দুটা ব্যাপক হাৰত ব্যবহৃত ঔষধক সংযোগ কৰি সেই দৰবৰ ব্যৱহাৰ কৰি তেওলোকে

 COVID-19‌ ৰোগীৰ গভীৰ লক্ষণসমূহ নোহোৱা কৰিব সক্ষম হৈছে আৰু আচৰ্য্য জনক পৰিনাম আগলৈ আহিছে।

বাংলাদেশৰ টীম টোৰ দাবী, তেওঁলোকৰ এই প্ৰচেষ্টা বিশ্বৰ সকলোতকৈ প্ৰমুখ প্ৰচেষ্টা সমূহৰ মাজত পৰে যত দেশৰ এজন বিখ্যাত চিকিৎসকো অন্তৰ্ভুক্ত আছিল।

প্ৰফেছাৰ ডা: এমডি তাৰেক আলমে কৈছে, আমি আচৰিত পৰিনাম পাইছো এই প্ৰচেষ্টাত। আমি এতিয়ালৈ ৬০ জন COVID-19 ৰোগীৰ ওপৰত এই ঔষধৰ ব্যৱহাৰ কৰি

সকলোকেইজনকে আৰোগ্য কৰি তুলিবলৈ সক্ষম হৈছো।

চিকিৎসক আলমে কৈছে, এক দোজ এন্টিবায়োটিক Doxycycline ৰ লগত Ivermectin নামৰ সচৰাচৰ ব্যৱহাৰ কৰা antiprotosole ঔষধ ব্যৱহাৰ কৰাৰ পিছত বাস্তবত এক চমৎকাৰী পৰিনাম আনিবলৈ সক্ষম হৈছে।

মোৰ টীমে কেৱল কৰ’না ভাইৰাছৰ ৰোগী সকলৰ বাবে এই ঔষধ নিৰ্ধাৰিত

কৰি আছিল, সিহতৰ অধিকাংশই প্ৰথমে শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি

আছিল আৰু পিছলৈ COVID-19 পজিটিভ বুলি ধৰা পৰিছিল।

বাংলাদেশৰ এতিয়ালৈকে ২০,৯৯৫‌ জন‌ কৰ’না‌ আক্ৰান্ত হোৱা ঘটনা আগলৈ আহিছে আৰু ৩১৪ জনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

এই দাবী উত্থাপন কৰি তেওঁ কয় যে তেওঁৰ দ্বাৰা উদ্ভাৱিত এই‌ ঔষধৰ প্ৰভাৱ

এনে ধৰণৰ যে ৪ দিনৰ ভিতৰত ভাইৰাছ ৰোগীৰ দেশৰ পৰা নোহোৱা

হৈ যায় আৰু আৰোগ্য হৈ উঠে। তেওঁ কয় যে ইয়াৰ কোনো নিগেটিভ ৰিয়েক্শন নাই।

আমি প্ৰথমে COVID-19 ৰ পৰিক্ষা কৰিছিলো আৰু পজিটিভ পালে এই ঔষধৰ ব্যৱহাৰ কৰিছিলো। এনেকৈয়ে ৪দিনৰ ভিতৰত আৰোগ্য হৈ উঠিছিল ৰোগী‌সকল।

পিছত বাৰে বাৰে অৰ্থাৎ ২য় বাৰ কৰা পৰিক্ষাত COVID-19 নিগেটিভ ৰিজাল্ট অহাত আমি নিশ্চিত হৈছিলো এই সংযোগী ঔষধৰ কোনো‌ দু: প্ৰভাৱ‌ নাই।

Bangladesh Corona Medicine:

তেওঁ‌ কৈছে এতিয়া তেওঁলোকে চৰকাৰী নিয়ামক সকলৰ লগত আলোচনা কৰি আছে আৰু বিত্তীয় প্ৰক্ৰিয়া সমূহ সামৰিবলৈ যো-যা চলাই আছে।

আলমে কৈছে যে তেওঁৰ টীমে এটা আন্তঃৰাষ্ট্ৰীয় পত্ৰিকাত ঔষধ টোৰ বিকাশৰ বাবে পেপাৰ প্ৰস্তুত কৰি আছে, যিটো বৈজ্ঞানিক সমীক্ষা আৰু স্বীকাৰ প্ৰাপ্তিৰ বাবে আৱশ্যক।

আলমৰ সহযোগী ডা: ৰবিউল মৰ্শেদ‌ ই কৈছে যে COVID-19 ৰ চিকিৎসা কৰিবলৈ উপযুক্ত সুবিধা সমূহ নথকাৰ সত্ত্বেও প্ৰত্যক্ষ আৰু পৰোক্ষ ভাৱে‌ BMCH

(BANGLADESH MEDICAL AND COLLEGE HOSPITAL) ত বৃহৎ সংখ্যক ৰোগীৰ চিকিৎসা হৈ আছে।

তেওঁ কৈছে যে,‌‌‌‌‌‌‌‌‌‌সকলো ৰোগীয়েই ৪‌ দিনত উল্লেখনীয় সুস্হতা‌‌ ঘোৰাই পাইছে‌ আৰু ৩ দিনত লক্ষণসমূহৰ ৫০%‌ হ্ৰাস পাইছেOffer ।

Offer price: Samsung Galaxy M21 @12699rs

Leave a Reply