Skip to main content
Let's Talk About Your Needs
+919706702964

আপোনাৰ নিজৰ ৱেবচাইট থকা কিয় অতিকৈ প্ৰয়োজনীয়? Why have your own website ?

আপোনাৰ নিজৰ ৱেবচাইট থকা কিয় অতিকৈ প্ৰয়োজনীয়? Why have your own website ?

ৱেবচাইট(website) এটা আচলতে অতিকৈ লাভদায়ক উপকৰণ, যিটোৱে আপোনাক ডিজিটেলি/অনলাইনযোগে খ্যাতি (fame) অৰ্জন কৰিবলৈ সহায় কৰে, যত আপোনি এজন ব্যৱসায়ীয়ে (businessman) হক, চাকৰি বিচাৰোতাই (job seeker) হক, এজন শিল্পী (artist) বা এজন লেখকেই(writer) হক। আপোনাৰ নিজৰ এটা ৱেবছাইট (website) বনোৱাটো একদমেই সহজ কাম। কিছুমান টেম্পলেট (templates) আৰু টোল্চৰ(tools)  সহায়ত আপুনি অতি সহজেই নিজকে অনলাইন(online) প্ৰতিষ্ঠা কৰিব পাৰে। বিভিন্ন কাৰণত এজনে নিজকে অনলাইন(online) প্ৰতিষ্ঠা কৰিব বিচাৰে। তাৰে কেইটামান আমি আলোচনা কৰো আহক-

এটা ৱেবছাইটে অতি শীঘ্ৰেই আপোনাৰ কৰ্মদক্ষতা (skill) বা প্ৰতিভা (talent) সকলোকে অৱগত (inform) কৰিব পাৰে

আপোনাৰ যিকোনো ধৰণৰ বিশিষ্টতা বা প্ৰতিভা আপুনি এটা ৱেবছাইটত দেখুৱাব পাৰে। আপোনাৰ অনলাইন পৰ্টেলৰ এটা পেজতেই আপুনি আপোনাৰ সকলো অন্তৰ্ভুক্ত কৰিব পাৰে, এয়া আপোনাৰ লিখনিও হব পাৰে, কলা-কৌশল আৰু শিল্প যেনে  আৰ্ট, গান, ফটোগ্ৰাফী, আৰু আপোনাৰ ব্যৱসায়িক পণ্য যেনে কাপোৰ, জোতা বা দৈনিক ব্যৱহৃত বস্তুৰ ষ্টোৰো হব পাৰে। এজন শিল্পী(artist) হিচাপে এটা ৱেবছাইটত আপুনি কেইবাটাও সুবিধা লাভ কৰে আৰু এই সুবিধা লাভ কৰাৰ বাবে আপোনাৰ কোনো কম্পিউটাৰ বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। নিউয়ৰ্ক আৰ্ট ফাউণ্ডেশ্যনে (The New York Foundation for the Arts) আপোনাক প্ৰাথমিক সংসাধনৰ সুবিধা কৰি দিয়ে, যদি আপুনি ৱেবছাইট বনোৱাটো নাজানো।

আপোনাৰ ৱেবছাইটত আপুনি লিখি পেলাই, কথা কৈ, ফটোগ্ৰাফীৰ জড়িয়তে আৰু ভিডিয়গ্ৰাফীৰ জড়িয়তে আপুনি যি ইচ্ছা কৰে তাকেই দেখাব পাৰে। আপোনাৰ প্ৰতিভা আৰু দক্ষতা বিস্তৃত ভাবে তুলি ধৰিব পাৰে।

Search Domain Names Free and Buy

আপোনাৰ চাকৰি পোৱা ক্ষমতা বৃদ্ধি কৰিব পাৰে।

ডাঙৰ কম্পেনীৰ নিযোক্তা সকলে সচৰাচৰ চাকৰি প্ৰাৰ্থী এজনৰ অনলাইন প্ৰফাইল মূল্যাংকন (study) কৰে। তেওঁলোকে আপোনাৰ বিষয়বস্তুৰ(content) গুণ সমূহ চাই মনত ধাৰণা কৰে যে আপোনাক তেওঁলোকে কামত ৰাখিব লাগে নে নালাগে। এজন নিয়োজকে (Headhunter) আপোনাৰ প্ৰফাইলত আহিব পাৰে আৰু আপোনাক প্ৰস্তাৱ আগবঢ়াব পাৰে। যত আপুনি এটা চাকৰিৰ অনুসন্ধানত আছিল অথবা কোনোবা দিনা আপোনাৰ চাকৰিৰ পৰিৱৰ্তন(changing company) বাবে নতুন কোম্পানীৰ অনুসন্ধানত আছিল। এটা ৱেবছাইটে আপোনাক এনেকুৱা সুযোগ দিব পাৰে যিটোৰ আপুনি কেতিয়াও আশাই কৰা নাছিল। এটা পেজ আপোনাৰ ৰিজিউমি (Resume) ৰ সৈতে (অথবা আপুনি তাৰ লিংক দি থবও পাৰে) দিয়াটো আচলতে এটা ভাল দৃষ্টিকোণ।

আপুনি তাৎক্ষণিক উদ্যোক্তা (Entrepreneur) হব পাৰে।

অনলাইন ব্যৱসায় প্ৰতিষ্ঠা কৰা কোনো ব্যয়বহুল কাৰ্য নহয়। যদি আপোনাৰ এটা কম্পিউটাৰ আৰু ইণ্টাৰনেট সংযোগ আছে, তেন্তে লগত এটা ৱেবছাইট থাকিলেই আপুনি আপুনি উপাৰ্জন কৰিব পাৰে। আপুনি আপোনাৰ শোৱা কক্ষৰ পৰাই এটা সৰু ব্যৱসায় চলাব পাৰে। আপুনি ৱেবছাইটৰ জড়িয়তে এই কাম সমূহো কৰিব পাৰে- 
 
  • পৃথিৱীৰ বহুতো উৎপাদিত বস্ত (Products) আৰু সেৱা (Service) ক অগ্ৰসৰ (Promotion) কৰিব পাৰে।
  • আপোনাৰ জ্ঞানৰ জড়িয়তে গ্ৰাহক সকলক প্ৰভাৱিত কৰিব পাৰে এই উৎপাদিত পণ্য আৰু সেৱাৰ ব্যৱহাৰ কৰিবলৈ।
     
  • মাৰ্কেটৰ বৃহৎ ব্যৱসায়ী সকলৰ লগত প্ৰতিযোগিতা কৰিব পাৰে।
  • আপুনি প্ৰদান কৰা সেৱাৰ পৰা লাভ সংগ্ৰহ কৰিব পাৰে।
  • গ্ৰাহকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ সন্তুষ্টি অনুসৰি প্ৰয়োজন সমূহ পূৰণ কৰাত সহায় কৰিব পাৰে।
  • আপোনাৰ ৱেবছাইটত আপুনি FAQ (Frequently Asked Questions) পেজ লগাব পাৰে, যিয়ে আপোনাৰ গ্ৰাহকক নতুন তথ্য জানিবলৈ সহজ কৰি দিয়ে। 
     

Learn more, watching this detailed video.

Economic Hosting Available

জ্ঞান প্ৰসাৰিত হব পাৰে

এটা ৱেবছাইটৰ বিষয়বস্তুৱেই হৈছে ৱেবছাইটটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৃষ্টিকোণ। মহত্বপূৰ্ণ বিষয়বস্তু আগবঢ়ায় বা সাধাৰণতে অপৰিচিত বিষয়ত আলোচনা কৰিব পাৰে, যিটো জ্ঞান সম্প্ৰসাৰণ কৰিবলৈ কাৰ্যকৰী। লিখনিয়ে আপোনাক গৱেষণা কৰিবলৈ সুযোগ দিয়ে। গতিকে আপুনি বিভিন্ন বিষয়ত বহুতো তথ্য জানিব পাৰে। ৱেবচাইট নিৰ্মাণ পদ্ধতিয়ে আপোনাক এনে এটা কৌশল অৱলম্বনত সহায় কৰে যিয়ে আপোনাক আজীৱন নতুন তথ্য জানিবলৈ উৎসুকতা দিয়ে।

আপুনি আপোনাৰ সৃজনশীলতা (Creativity) বৃদ্ধি কৰিব পাৰে।

আপোনাৰ নিজৰ ৱেবছাইট নিৰ্মাণে আপোনাৰ সৃজনশীলতাৰ (Creativity) ৰ প্ৰকাশ আৰু আপোনাক অনুপ্ৰাণিত কৰাত সহায় কৰে। এজন ৱেবছাইট অধিকাৰীয়ে প্ৰত্যেক সপ্তাহ বা মাহত এটা নিশ্চিত মাত্ৰাত বিষয়বস্তু (Content) আপলোড(upload) কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হৈ যাব পাৰে আৰু অধিক কাৰ্যক্ষম হৈ পৰে। এয়া কেৱল লেখক, চিত্ৰশিল্পী, সংগীতশিল্পী আৰু তেনেধৰণৰ শিল্পী সকলৰ বাবে। তেওলোকৰ বাবে তেতিয়া শিল্প তৈয়াৰ কৰাটো নিজৰ ৱেবছাইট বিকাশৰ অংশ হৈ পৰে।
 
 

আপুনি আপোনাৰ ব্লগ (blog) প্ৰচাৰ কৰিব পাৰে

আপুনি আপোনাৰ ৱেবছাইটত ব্লগ (blog) লিখিব পাৰে। ৱৰ্ডপ্ৰেছৰ নিচিনা প্লেটফৰ্মত বল্গিং (blogging) ছাইট বনোৱা অতি সহজ। তাত থকা বিনামূলীয়া থিম (theme) আৰু প্লাগিন (plug-in) ব্যৱহাৰ কৰি সহজেই আপুনি এটা ব্লগিং ছাইট (blogging site) বনাই আপুনি আপোনাৰ অনুৰাগী সকলক খবৰ আৰু তথ্য দিব পাৰে আৰু তেওলোককো অনুপ্ৰাণিত কৰিব পাৰে। আপুনি ব্লগৰ সৈতে আৰু-

  • আপোনাৰ লিখা দক্ষতা বৃদ্ধি কৰিব পাৰে।
  • Google ত নিজৰ   listing কৰিব পাৰে।
  • নিজৰ জ্ঞানৰ দ্বাৰা আনক  সহায় কৰিব পাৰে।
  • নিজকে  প্ৰচাৰ কৰিব ব্যৱহাৰ কৰিব পাৰে।
  • বন্ধু, পৰিয়ালবৰ্গ, সহকৰ্মী ৰ লগত সংযোগ স্থাপন কৰিব পাৰে।
  • গ্ৰাহকক আপোনাৰ ব্যৱসায়ৰ বিষয়ে অৱগত কৰিব পাৰে।
  • আপোনাৰ বাণীয়ে এটা পৰিৱৰ্তন ঘটাব পাৰে।

নিজকে অগ্ৰসৰ (Promotion) কৰিব পাৰে।

যদি আপুনি ব্যৱসায় নকৰে, তথাপিও আপোনাৰ ৱেবছাইটত আপুনি বহু তথ্য দেখোৱাব পাৰে, য’ত আপোনাৰ ৰিজিউমি (Resume) ও অন্তৰ্গত। আপুনি নিজৰ নাম ডমেইন হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু এয়া নিজকে অগ্ৰসৰ(Promotion) কৰিবলৈ এটা ধুনীয়া উপায়। আপুনি ইয়াত বিভিন্ন বিষয়ত ব্লগ লিখিব পাৰে যেনে; খাদ্য ৰ ওপৰত, ৰেস্তোৰাঁ (restaurant) , ম’ভি ঠিয়েতা (cinema hall)ৰ, পাৰ্ক আদিৰ ৰ ওপৰত ৰিভিউ কৰিব পাৰে,  ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত লিখিব পাৰে।
 
যদি  আপুনি এখন কিতাপ বা ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ ওপৰত সমীক্ষা (review) আগবঢ়ায়, আপুনি প্ৰকাশ কৰা অনলাইন জ্ঞানে হয়তো বিভিন্ন জনক সহায় কৰিব পাৰে। আপুনি যিকোনো এটা ৰুচিৰ (hobby) ওপৰত লিখি পেলাই তেনে ৰুচিৰ প্ৰতি আকৰ্ষিত ব্যক্তি সকলৰ লগত সংযোগ (connection) স্হাপন কৰিব পাৰে। আপোনাৰ নিজৰ ৱেবছাইট থাকিলে এনে সংযোগ স্হাপন কৰাত সহায় হয় আৰু পৃথিৱীৰ যিকোনো স্থানৰ মানুহৰ সৈতে সংযোগ কৰিব পাৰে।
 

মানুহে যিকোনো সময়তে আপোনাৰ ভাৱ ধাৰণা সমূহ চাব পাৰে।

এটা ৱেবছাইট থাকিলে আপুনি আপোনাৰ প’ৰ্টফ’লিও লৈ অফিচত ঘূৰি ফুৰাৰ প্ৰয়োজন নাই, কোনো ব্যক্তিক ফোন কৰি সময় নিৰ্দিষ্ট কৰি লগ কৰাৰ প্ৰয়োজন নাই। সপ্তাহৰ প্ৰত্যেক দিনাই সকলো সময়তে দিনে ৰাতিয়েই আপোনাৰ তথ্য ৱেবছাইটত উপলব্ধ হ’ব। আপুনি ছাইটত যি তথ্য দিব সেয়া স্হায়ী বিজ্ঞাপন হৈ থাকিব।
 

ৱেবছাইট এটাই সমগ্ৰ বিশ্বক সংযোগ কৰে।

পৃথিৱীৰ যিকোনো ব্যক্তিয়েই আপোনাৰ ৱেবছাইটত আহি আপোনাৰ তথ্য চাব পাৰে। এটা ৱেবছাইট নিৰ্মাণে আপোনাৰ নিজৰ কলা বা শিল্পৰ বিকাশ আৰু অগ্ৰসৰ কৰিবলৈ উৎসাহিত কৰে। এজন ব্যৱসায়ীয়ে অধিক বিক্ৰী, লিখকে অধিক লিখিবলৈ আৰু এজন উদ্যোগীয়ে অধিক উৎপাদন কৰিব পাৰে। এনে আৰু বহুতো কাৰণ আছে যিটো ইয়াত লিপিবদ্ধ কৰাটো সম্ভৱ নহয়।

Read this valuable book to increase your Potential
%d bloggers like this: