হজৰত মহম্মদ(ছ:)ৰ মানৱতা আৰু মানৱ অধিকাৰ

হজৰত মহম্মদ(ছ:)ৰ মানৱতা আৰু মানৱ অধিকাৰ (Human rights in Islam by Prophet Muhammad SAW)

হজৰত মহম্মদ(ছ:) মানৱতাৰ মহাপ্ৰৱৰ্তক আছিল।তেওঁ সৰুৰে পৰাই সকলো দিশত মানৱতা আৰু মানৱ অধিকাৰ ৰক্ষাৰ চেষ্টা চলাইছিল। 

যেতিয়া বদৰৰ যুদ্ধত প্ৰায় ৭০জন শত্ৰু সৈন্য বন্দী হৈছিল, মহম্মদে (ছ:) সেই সকলক উপযুক্ত পৰিমাণৰ খাদ্য আৰু পানী প্ৰদানৰ আদেশ দিছিল, যদিও তেওঁ আৰু তেওঁৰ সৈন্য সকলে মাত্ৰ খেজুৰ খাই কোনো মতে প্ৰাণ বচাইছিল।

তেওঁলোকে যুদ্ধত বন্দী হোৱা আহত সৈন্য সকলৰ প্ৰয়োজন সাপেক্ষে ঔষধ আৰু চিকিৎসাৰ ব্যৱস্থা কৰি দিছিল।

পিন্ধিবলৈ বস্ত্ৰ আৰু শুবৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰা হৈছিল। মুছলমান সকলে আহত শত্ৰু সৈন্য সকলৰ ৰক্তাক্ত বস্ত্ৰ ও ধুই দিছিল।এয়া মানৱতাৰ চুৰান্ত উদাহৰণ।

মৃত শত্ৰু সৈন্য সকলৰ দেহক সযত্নে ৰাখি তেওঁলোকৰ প্ৰচলিত ধৰ্মমতে অন্তিম সংস্কাৰ কৰাৰ বাবে সকলো সুবিধা কৰি দিছিল, মানৱতা আচৰণৰ মহানায়ক হজৰত মহম্মদে (ছ:)।

তেতিয়াৰ প্ৰথা মতে বন্দী সৈন্য সকলক উপযুক্ত অৰ্থৰ বিনিময়ত ৰেহাই কৰি দিয়া হৈছিল। হজৰত মহম্মদে (ছ:) দুখীয়া সেন্যৰ মুক্তিৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছিল।

এনে সৈন্য সকলৰ এজনে যদি তেওঁৰ ৰাষ্ট্ৰত থকা দহজন নিৰক্ষৰ মানুহক লিখা-পঢ়া শিকাব পাৰে, তেন্তে তেনে দুখীয়া সৈন্যক তেওঁ মুক্তি কৰি দিছিল।

৬২৮ খ্ৰীষ্টাব্দত ৰাষ্ট্ৰৰ মুৰব্বী হজৰত মহম্মদে, এক বিশেষ অধ্যাদেশ ঘোষণা কৰি খৃষ্টান ধৰ্মৰ স্বাধীনতা প্ৰদান কৰে।

তেওঁলোকৰ ভাঙি যোৱা গীৰ্জা মেৰামতি কৰি দিবলৈ মুচলমান সকল আগবাঢ়ি আহিছিল। তেওঁলোকৰ ওপৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়া হোৱা নাছিল।

হুদাইবিয়াৰ চুক্তি মতে মদিনা ৰাষ্ট্ৰত থকা মুছলমান সকলে যদি মক্কাত তেওঁলোকৰ পৰিয়ালৰ মানুহৰ ওচৰলৈ গৈ পুৰণি ধৰ্ম পালন কৰে, তাতো তেওঁ বাধা প্ৰদান কৰা নাছিল।

 তেওঁ জোৰ কৰি কাকো তেওঁৰ নিজৰ ধৰ্মত ৰাখিবলৈ বাধ্য কৰা নাছিল, যদিও তেওঁ আৰু তেওঁৰ দলে তেনে ধৰ্ম মত পৰিৱৰ্তন কৰা টো সমৰ্থন কৰা নাছিল। 

এয়া তেওঁৰ মানৱতাৰ উদাহৰণেই নহয়, বৰণ্চ ধৰ্মনিৰপেক্ষতাৰো উদাহৰণ। 

human rights in Islam

খাইবাৰ অঞ্চলত ইহুদী সকলৰ লগত হোৱা বিভিন্ন চুক্তিৰ জৰিয়তে ইহুদী সকলৰো ধৰ্ম, সম্পত্তি, জীৱন, শিশু-নাৰীক পূৰ্ণ নিৰাপত্তা দিয়া হৈছিল। তেওঁলোকৰ পুৰোহিতকো পূৰ্ণ মৰ্যদা দিয়া হৈছিল।

মানৱতা প্ৰদৰ্শন আৰু মানৱিক আচৰণৰ বাবে তেওৰ শত্ৰুও মিত্ৰ হৈ পৰিছিল। 

মক্কা বিজয়ৰ পিছত তেওঁ তেওঁৰ সৈন্যক আদেশ দিছিল যাতে মক্কা বাসীৰ ওপৰত কোনো প্ৰতিশোধ মূলক ব্যৱস্থা নলয় আৰু নিৰস্ত্ৰ ব্যক্তি, নাৰী, বৃদ্ধ, শিশু, পুৰোহিত আৰু আত্মসমৰ্পন কৰা সৈন্য সকলৰ প্ৰতি পূৰ্ণ মৰ্যদা আৰু সন্মান প্ৰদান কৰা হৈছিল। 

মক্কাত প্ৰৱেশ কৰাৰ পিছত শত্ৰু সকলৰ অভাৱগ্ৰস্ত ব্যক্তিক খাদ্য আৰু বেমাৰী সকলক ঔষধ প্ৰদান কৰা হৈছিল। মক্কাবাসীৰ নাগৰিক অধিকাৰ, ধৰ্মৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, নাৰীৰ অধিকাৰ আদিৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছিল।

সেয়ে প্ৰায় সকলো ব্যক্তিয়েই হজৰত মহম্মদ (ছ:)ক জননেতা হিচাপে গ্ৰহণ কৰি তেওঁৰ ধৰ্ম ও গ্ৰহণ কৰিছিল।

তেওঁৰ মানৱতা, মানৱিক আচৰণ আৰু উদাৰতাই সৰ্বদিশত সকলোৰে মন জয় কৰি পেলায়। এইদৰে তেওঁ গোটেই আৰৱ ভূমিৰ একমাত্ৰ ৰাজনৈতিক নেতা হৈ পৰে।

হজৰত মহম্মদে (ছ:) ৰাখি যোৱা তেওঁৰ শান্তিৰ সংবিধানৰ দ্বাৰা মানৱ জীৱনৰ মৌলিক অধিকাৰ সুনিৰ্দিষ্ট কৰি গৈছে। উক্ত সংবিধানৰ দ্বাৰা ব্যক্তি স্বাধীনতাৰ পূৰ্ণ নিৰাপত্তা দিয়া হৈছে।

সেই হিচাপে কোনো ব্যক্তিক বিনা কাৰণত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব আৰু গ্ৰেপ্তাৰ হোৱা কোনো ব্যক্তিক তেওঁৰ বক্তব্য আগবঢ়োৱা লৈকে তেওঁৰ বিৰুদ্ধে কোনো বিচাৰ কৰিব পৰা নাযাব।

প্ৰত্যেকে প্ৰত্যেকৰ মান-মৰ্যদা ও সন্মান ৰক্ষা কৰিব পাৰিব, এজনে আনজনক কোনো ধৰণৰ বিদ্ৰুপ কিম্বা অত্যাচাৰ কৰিব নোৱাৰিব।

হজৰত মহম্মদে সম্পত্তিৰ অধিকাৰ (right to property) সুনিৰ্দিষ্ট কৰিছিল। তেওঁৰ মতে, প্ৰত্যেকৰ নিজৰ সম্পত্তি প্ৰত্যেকৰ তেজ মঙহৰ দৰে, যাক তেওঁ নিজে হে ভোগ কৰিব পাৰিব।

এজনে আনজনক শোষণ কৰিব নোৱাৰিব। এইদৰে তেওঁ শোষণৰ বিৰুদ্ধে অধিকাৰ (right against exploration)আইনত ৰূপান্তৰ কৰিছিল।

প্ৰত্যেকৰ জীৱনৰ নিৰাপত্তা (right to life) ও সুনিশ্চিত কৰা হৈছে। ৰাষ্ট্ৰত থকা নাগৰিক সকলক জাতি,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে নিৰাপত্তা দিয়া হৈছিল। এয়া তেওঁ ৰাখি যোৱা শান্তিৰ সংবিধানত বৰ্ণনা কৰা হৈছে। 

প্ৰত্যেকৰ ব্যক্তি স্বাধীনতা (personal liberty) আৰু বাক স্বাধীনতা (freedom of speech)ত কোনোৱে হস্তক্ষেপ কৰিব নোৱাৰিব। 

অত্যাচাৰী শাসনকৰ্তাক সৎ নাগৰিক এজনে নিজৰ সৎ সাহসৰ যোগেদি ন্যায়ৰ কথা সোৱৰাই দিয়া টো এটা অত্যাধিক ডাঙৰ কাম (জিহাদ)।

অন্যায়- অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ হজৰত মহম্মদে (ছ:) আহ্বান জনায় গৈছে, কাৰণ তেনে প্ৰতিবাদ কৰিব নোৱাৰিলে ধ্বংস (কিয়ামত) অনিবাৰ্য।

গতিকে এজনে আনজনক অন্যায় কাৰ্যৰ পৰা সকলো ধৰণৰ গণতান্ত্ৰিক (democratic) পদ্ধতিত বিৰত ৰাখিবৰ বাবে ব্যক্তিগত প্ৰচেষ্টা চলাব পাৰিব।

প্ৰত্যেকে প্ৰত্যেকৰ চিন্তা-মতবাদ (ধৰ্ম) আদি মানি চলিব পাৰিব। 

নিজে কোনো মানুহক কেতিয়াও জোৰ কৰি নিজ মতবাদ (ধৰ্ম) লৈ ৰূপান্তৰিত কৰা নাছিল, এনে এটাও উদাহৰণ নাই। সকলো বেলেগ বেলেগ চুক্তিৰ দ্বাৰা, হজৰত মহম্মদে (ছ:) বেলেগ বেলেগ জাতিক নিজৰ নিজৰ ধৰ্মপালনৰ পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিছিল।

তথ্য অবিহনে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে কাকো, কোনো কাৰণত অভিযুক্ত কৰা হোৱা নাছিল। 

হজৰত মহম্মদে (ছ:) অন্যান্য প্ৰাণী-উদ্ভিদৰ প্ৰতি সযত্নবান আছিল। উত্তপ্ত ৰ’দত অতিমাত্ৰা পিপাসাতুৰ হৈ থকা কুকুৰক , এজনী অতি চৰিত্ৰহীন নাৰীয়ে পানী প্ৰদান কৰাত অতি উত্তম কাম কৰা বুলি তেওঁ প্ৰশংসা কৰিছিল। 

এবাৰ কিছুমান মানুহে পৰুৱাৰ বাহত জুই লগাই দিছিল। পৰুৱাৰ নিচিনা সাধাৰণ প্ৰাণীয়েও যন্ত্ৰণা ভোগ কৰিব লগা হোৱাত তেওঁ উত্তেজিত হৈ কঠোৰ ভাষাৰে মন্তব্য কৰিছিল।

পোহনীয়া জীৱ-জন্তুৰ লগতো সদ্ব্যৱহাৰ কৰাৰ লগতে এনে প্ৰাণীৰ খাদ্য গ্ৰহণৰ ওপৰত বিশেষ চকু ৰাখিবৰ বাবে তেওঁ সজোৰে আহ্বান জনাইছে।

human rights in Islam

তেওঁ সকলো প্ৰাণীৰ প্ৰতি ন্যায় প্ৰদৰ্শন কৰিছিল।

ঘৰত মকৰাৰ জাল থাকিলে ৰাতিপুৱা ভাঙি পৰিষ্কাৰ কৰিবলৈ আদেশ দিছিল, কিন্তু আবেলি তেনেকুৱা কাম নকৰিবৰ আদেশ দিয়াৰ কাৰণ আছিল দিনত কৰ্মব্যস্ত হৈ থকা মকৰাই ৰাতি টোপনিয়াব নোৱাৰি ৰাতি বিশ্ৰাম লবলৈ ব্যৰ্থ হব। 

ঘৰত থকা কুকুৰ-মেকুৰী বলিয়া হলে অতি কম কষ্টত প্ৰাণনাশ (মৃত্যুদণ্ড)ৰ বাবে পৰামৰ্শ দিছিল। সদায় অন্যান্য প্ৰাণী খাদ্য বা ভোজনৰ বাবে অত্যাধিক হিচাপে ব্যৱহাৰ কৰা তেওঁ পছন্দ কৰা নাছিল।

বিনা কাৰণত গছ-গছনি কটাটো তেওঁ সহ্য কৰিব পৰা নাছিল।প্ৰাণৱন্ত গছৰ পাত বিনাকাৰণত ছিঙি গছক দুখ দিয়াটো তেওঁ নিষেধ কৰি গৈছে। ্

Offer-Buy 3.5ltr Pigeon Pressure Cooker

Top Civil Engineer in Nagaon

Leave a Reply