What will happen in this Eid? Ki hobo aibar Eid? কি হ’ব ঈদ-উল-ফিটৰ ২০২০?

ৰমজানৰ এই উপবাসৰ মাহৰ শেষত এই বছৰৰ উৎসৱ উদযাপন মৌন ৰখাই ভাল হ’ব । যিহেতু বিশ্বৰ বহুতো দেশত বৰ্তমান তলা ওলমি আছে আৰু এই কৰ’না ভাইৰাছৰ ভয় দিনে দিনে বৃদ্ধি পাই আহিছে।

ঈদৰ দিন কাষ চাপি অহাৰ লগতে সমগ্ৰ পৃথিৱীতে মুছলমান সকলে এই বিচাৰ কৰিছে যে এই বছৰৰ উৎসৱ অন্য বাৰতকৈ বিপৰীতে হ’ব।

ইছলামৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ এটা হৈছে ঈদ-উল-ফিটৰ,আৰু এইবাৰ মহামাৰীৰ দ্বাৰা প্ৰভাৱিত হোৱা টো নিশ্চিত।

ইতিমধ্যে কৰ’না ভাইৰাছৰ এই মহামাৰীয়ে সমগ্ৰ বিশ্বতে ধাৰ্মিক জীৱন আৰু ব্যৱহাৰত বিশেষ প্ৰভাৱ পেলাইছে আৰু ৰমজানৰ ৰাতিৰ তাৰাবিহৰ নামাজ এইবাৰ সকলোৱে ঘৰতেই পঢ়িছে।

ঈদৰ বিষয়ে জানিব লগা দুটামান তথ্য।

ঈদ-উল-ফিটৰ কি?

ঈদ-উল-ফিটৰ, যাৰ অৰ্থ হৈছে ‘উপবাস ভঙ্গৰ উৎসৱ’, পৱিত্ৰ ৰমজানৰ শেষত পালন কৰা হয়।

ইছলামীয় কেলেণ্ডাৰৰ দশম মাহৰ আৰম্ভণিৰ দিনা এই ঈদ উদযাপন কৰা হয়, যাক শাওৱাল মাহ বুলি কোৱা হয়।

এইবাৰ ঈদ কেনেকৈ পৃথক হ’ব।

কৰ’না ভাইৰাছ মহামাৰীয়ে দৈনিক জীৱন নিৰ্বাহ আৰু সামাজিক সম্পৰ্কত বিশেষ বাধা প্ৰদান কৰিছে। আৰু ঈদ এনে উৎসৱ যত বহু লোকে একেলগ হৈ মহান আল্লাহৰ প্ৰাৰ্থনা কৰে।

সেয়ে ইয়াত কোনো সন্দেহ নাই যে যিবোৰ যেগাত এতিয়াও লকডাওনৰ বিশেষ প্ৰভাৱ পৰা নাই বা কমকৈ পৰিচে , তাৰ লোক সকলে অনাৱশ্যক যাত্ৰাৰ পৰা বিৰত থাকিব লাগিব আৰু তেওঁলোকে ইজনে সিজনৰ ওচৰত অহাৰ পৰা বাচিব লাগিব।

ইয়াৰোপৰি হয়তো বিভিন্ন দেশত ঈদৰ সাম্প্ৰদায়িক নাযাজ এইবাৰ বাতিল কৰা সম্ভাৱনা আছে আৰু সাধাৰণ জনগণয়ো ইয়াকে মানিবলৈ বাধ্য হব। তেওঁলোকে নিজেই সামাজিক দূৰত্ব সুনিৰ্দিষ্ট কৰিব লাগিব আৰু ইয়াৰ উপায় উলিয়াব লাগিব।

ঈদৰ মহত্ব।

ৰমজানৰ এই মাহটোত কূৰান নাজিল কৰা হৈছিল মহম্মদ (ছ:)ৰ আগত আৰু তেৱেঁই আছিল ইছলামীয় অন্তিম পয়গম্বৰ।

ইছলামত দুটা ঈদ আছে। ঈদ-উল-ফিটৰ যাক সৰু ঈদ বুলিও কোৱা হয়, আৰু ঈদ-উল-আজহা বা বলিদানৰ উৎসৱ ও ডাঙৰ ঈদ বুলিও কোৱা হয়।

মুছলমান সকলে উপবাসৰ এই মাহটো শেষ কৰি আৰু অন্য দায়িত্ব আৰু ভাল কৰ্ম পালন কৰি এই ঈদ-উল-ফিটৰ উদযাপন কৰে।

এই ঈদ হৈছে এটা ৰাস্তা মুছলমান সকলৰ বাবে আল্লাহক ধন্যবাদ জ্ঞাপন কৰিবলৈ আৰু নিজৰ গুণাহ সমূহৰ ক্ষমা বুজিবলৈ।

আপুনি এইবাৰ ঈদৰ সুসংবাদ কেনেকৈ দিব?

সামাজিক দূৰত্ব সুনিৰ্দিষ্টকৈ মানিও আপুনি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আত্মীয় লোকক ফোন কৰি আৰু মেচেজ কৰি পেলাই।

প্ৰত্যেক দেশতে ই ঈদৰ শুভেচ্ছা জনাবলৈ বেলেগ বেলেগ শব্দ ও বাক্য ব্যৱহাৰ হয় যদিও কেইটামান সাৰ্বজনীন শব্দ হৈছে যেনে ‘ঈদ মোবাৰক’ , ‘হেপ্পী ঈদ’।

Leave a Reply