ইছলামীয় আইনত অৱদান মহম্মদ(ছ:)ৰ

ইছলামীয় আইনত অৱদান

হজৰত মহম্মদে (ছ:) আইন বিভাগৰ বাবে বহুতো অৱদান আগবঢ়াইছে। প্ৰায় সকলো দিশতে তেওঁৰ অৱদান আছে।

শ্বৰীয়া

ইছলামীয় আইন পদ্ধতিক শ্বৰীয়া বুলিও কোৱা হয়। এই আইন সমূহ কোৰান, হাদীছ আৰু ইছলামীয় বিজ্ঞ সকলৰ ফতৱাৰ পৰা লোৱা হৈছে।

শ্বৰিয়া শব্দৰ অৰ্থ হৈছে স্পষ্ট। এই শ্বৰিয়া নিয়ম মতেই মুছলমান সকলে জীৱন নিৰ্বাহ আৰু ছালাত তথা নামাজ- প্ৰাৰ্থনা, ৰোজা, দুখীয়া লৈ দান-দক্ষিণা দিয়া ইত্যাদি কৰে আৰু কৰাটো উচিত।

শ্বৰিয়াৰ মূল উদ্দেশ্য হ’ল প্ৰত্যেক জন মুছলমানক জীৱনৰ প্ৰতিটো দিশতে মহান আল্লাহৰ নিৰ্দেশ মৰ্মে আগবাঢ়ি যোৱাত সহায় কৰা।

অৱদান

হজৰত মহম্মদে (ছ:) আইন বিভাগৰ বাবে বহুতো অৱদান আগবঢ়াইছে। প্ৰায় সকলো দিশতে তেওঁৰ অৱদান আছে। সা-সম্পত্তিৰ ভাগ-বটোৱাৰা পৰা লৈ দেৱানী আইন আৰু ফৌজদাৰী আইনো তেওঁ ঘোষণা কৰিছিল।

সামৰিক আইনো তেওঁ ঘোষণা কৰি গৈছে। আইনৰ চকুত সকলোকে সমান বুলি তেওঁ ঘোষণা কৰি‌ গৈছে। 

জাৰ্মানীৰ বিখ্যাত ঐতিহাসিক ডাক্তৰ গোস্তাভে হজৰত মহম্মদক (ছ:) বিশ্বৰ আইনজ্ঞ সকলৰ সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰিছিল।

ন্যায় বিভাগৰ নিৰপেক্ষতাৰ ওপৰত অত্যাধিক গুৰুত্ব দি সেই সময়ৰ গণৰাজ্যৰ ২য় ৰাষ্ট্ৰপতি হজৰত ওমৰে ন্যায়বিভাগক বিশ্বৰ সৰ্বপ্ৰথমে পৃথক বিভাগ বুলি ঘোষণা কৰে।

হজৰত আলী (ৰা:) ৰাষ্ট্ৰপতি হৈ থাকোঁতে ৬৫৮ খৃ:ত এক মোকৰ্দমা তৰি আদালতত এজন সাধাৰণ (ইহুদী) নাগৰিকৰ লগত হাৰিব লগাত পৰে, কাৰণ ৰাষ্ট্ৰপতি হজৰত আলীৰ পুত্ৰ (হাচান)ৰ বাহিৰে কোনো সাক্ষী নাছিল।

আদালতৰ এনে নিৰপেক্ষতাৰ আৰ্হি চিৰদিনলৈ থাকিব।

হজৰত মহম্মদে (ছ:) ঘোষণা কৰিছিল যে নিজৰ জীয়েক ফাতিমাই অন্যায় কৰিলেও আইনৰ দিশত উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব।

তেওঁৰ মতে আইনৰ দৃষ্টিত পুৰুষ- মহিলা, ৰাষ্ট্ৰপতি, সাধাৰণ নাগৰিক সকলোৱেই সমান। তেওঁ মহিলাৰ সম্পত্তিৰ অধিকাৰৰ বিষয়েও সুস্পষ্ট কৰি কৈছিল। 

গণৰাজ্যৰ ২য় ৰাষ্ট্ৰপতি হজৰত ওমৰে নিজৰ পুত্ৰক অপৰাধ কৰা বাবে প্ৰাণদণ্ডেৰে দণ্ডিত কৰিছিল।

হজৰত মহম্মদে (ছ:) সকলোকে সকলো দিশত পাৰ্গত হ’বৰ বাবে উদাহৰণ ৰাখি আদৰ্শ আগবঢ়াইছে। মৰুভূমিত থাকিও প্ৰয়োজন নহ’লেও তেওঁ সাতুৰিব শিকিছিল।

তেতিয়াৰ দিনত উট, ঘোঁৰা আদি সকলোৰে ব্যৱহাৰ তেওঁ জানিছিল।

এতেকে বৰ্তমান সময়ত প্ৰত্যেকেই চাইকেল, মটৰচাইকেল, সকলোধৰণৰ গাড়ী আনকি এৰোপ্লেন চলাবলৈ চেষ্টা চলোৱা উচিত যাতে জীৱন যুদ্ধত যিকোনো পৰিস্হিতিৰ সন্মুখীন হ’ব পৰা যায়। তেওঁ সকলোকে সৰ্ব দিশতে পাৰ্গত হোৱাটো বিছাৰিছিল।

হজৰত মহম্মদে (ছ:) কলা-শিল্পৰ ওপৰত গুৰুত্ব দিছিল। মছযিদুন্নবিৰ ওপৰত তেওঁ গোল গম্বুজৰ আকৃতি দিয়াৰ পৰা ইছলামীয় পদ্ধতিৰ কলা আৰম্ভ হয়। 

আগলৈ

Check our Facebook Page for regular updates

Leave a Reply